Memoirs of Life
মহাদেৱ

মহাদেৱ বৈ যোৱা….

মোৰ উশাহৰ প্ৰতিটো শিহৰণত

তোমাৰ বিশাল ভালপোৱাৰে

জীপাল কৰি তোলা বন্ধ হৈ

ৰোৱা হৃদয়ৰ প্ৰতিটো ৰন্ধ্ৰ

তোমাৰ ভালপোৱাৰ সতী্‌‌ত্ব

প্ৰৱাহিত হওক প্ৰতিজন প্ৰেমিকৰ সত্ত্বাত..

ধন্য হৈ ৰওক প্রতি গৰাকী

তোমাৰ ভালপোৱাৰ বিশালতাৰে

প্ৰশমিত হৈ ৰ’ৱ দুখবোৰ ক্ৰমশ

উদ্মাদ ভালপোৱাৰ মাজত

ৰুদ্ধ হৈ ৰ’ৱ আমানিশা ৰতিবোৰ

মহাদেৱ তোমাৰ আগমণত

ক্ৰমশ সজীৱ হৈ জিলিকি

উঠিব নক্ষত্ৰ ভালপোৱাৰ…

                                                                         ——-  মেঘালী দাস

Author : Meghali Das

Image courtesy: pixabay.com

If you have any message/comment, please share me on email shikha@memoirsoflife.in.