ভালপোৱা কি ?

জীৱনৰ প্ৰতি মূহুৰ্তত উশাহৰ অবিহনে যিদৰে জীৱন মূল্যহীন সেইদৰে ভালপোৱাৰ অবিহনে জীৱনৰ  আনন্দ উপলব্ধিহীন। কিন্তু ভালপোৱাৰ সংজ্ঞা নাথাকে আৰু ইয়াৰ পৰিসীমা সীমাহীন। আমি ভালপোৱাৰ এক সীমা বান্ধি লওঁ এটা কাৰণ বিছাৰি লওঁ যিয়ে ভালপোৱাৰ অর্থটোক সংকীর্ণ কৰি ৰাখে, যাৰ কাৰণে জীৱন উপভোগত আমি সুখী হবলৈ কাৰণ বিচাৰোঁ। কিয় নাজানো প্ৰতিটো কথাত আমি স্বাৰ্থ বিছাৰি চাওঁ। বৰ্তমান পৰিস্থিতিৰ লগত থাকি বুজিব পাৰিছো জীৱনটো আচলতে কি? আমি জানো জীৱনটো ভালদৰে চাওঁনে? শুনোনে? অন্তৰ আত্মাৰ কথা, কিনো বিচাৰোঁ আচলতে। নিজৰ সত্ত্বাৰ লগত একাত্ম হওঁনে? আমিটো দৌৰি ফুৰো আমাৰ বস্তবাদী সমাজখনত বস্তুৰ পিছে পিছে ,স্হান আৰু অৰ্থৰ পিছে পিছে। হয়,অৰ্থ নুই কৰিব নোৱাৰি কিন্তু অৰ্থ প্ৰয়োজনতকৈ বেছি বিচৰাটো আচলতে লোভ বুলি কব পাৰি। আমাৰ মোহ আৰু লালসাই এনেদৰেই জীৱনৰ বহু  সময় নষ্ট কৰি দিয়ে আৰু যেতিয়া উপলদ্ধি কৰা হয় তেতিয়া বহুত দেৰি হৈ যায়। সেয়েহে জীৱনটো ভালদৰে প্ৰতি পল উপভোগ কৰাতেই সোমাই থাকে ভালপোৱাৰ পৰিপূৰ্ণতা।

অকল বস্তুবাদীতাৰ পিছত নাথাকি প্ৰকৃতিৰ লগত একাত্ম হব লাগে, যিহেতু আমি প্ৰকৃতি সৃষ্ট । আমাৰ বহু প্ৰশ্ন উত্তৰ প্ৰকৃতিৰ ওচৰত থাকে। যিবোৰ উত্তৰ  বিছাৰি জীৱনে  হাহাকাৰ কৰি উঠে  আৰু জীৱন জটিল হৈ পৰে। কিন্তু জীৱন জটিল হোৱাৰ মূলতে আমি আমাৰ মূল সূঁতিৰ পৰা আঁতৰি নিজকে জটিল কৰি  ললোঁ সেয়ে কেতিয়াবা চাবচোন সকলো বাদ দি কথা পাতিব গছৰ লগত,চাবচোন কিমান সেউজীয়া কিমান আশা আৰু ভালপোৱাৰ বিশালতা। ই আপোনাক ছানি ধৰিব ।                                                      

শুনিবচোন  চৰাইৰ কুলকুলনি, কিমান শান্তি আৰু মধুৰ। সঁচাই জীৱনক যেতিযা প্ৰকৃতিৰ ওচৰত সমৰ্পিত কৰা হয় তেতিয়া জীৱন সহজ আৰু অৰ্থপূৰ্ণ হৈ পৰে।

                                                                                                                                                                                                                                                                                                                 ——-  মেঘালী দাস

Author : Meghali Das
Image courtesy: pexels.com

One Response

Leave a Reply

Your email address will not be published. Required fields are marked *