ৰোমন্থন

তোমাৰ অনুপস্থিতিত

এই সন্ধ্যা বৰ বিৱৰ্ণ

ৰং বিহীন এই সন্ধ্যা

তোমাৰ অনুপস্থিতিত!

তোমাৰ অনুপস্থিতি য়েই

শূন্য কৰা মোৰ হৃদয়ত

এতিয়া কেৱল

গভীৰ বেদনা

ক্ৰমশ: সংজ্ঞাহীন বেদনাই

ক্লান্ত কৰে মোক…

তোমাৰ অনুপস্থিতিত!

অপ্ৰাপ্তিৰ অৱলতাই ছানি ধৰে

মোৰ চাৰিওকাষ
শূণ্য বতাহত ৰোমন্থন কৰোঁ তোমাক

আৰু লৈছো    জীয়াই থকাৰ আশ্বাস…

—— মেঘালী দাস

Author : Meghali Das

Leave a Reply

Your email address will not be published. Required fields are marked *